ডোঙাৰপাৰা উত্তৰ মুম্বাইৰ মাধ দ্বীপৰ এটা গাওথান (ক্ষুদ্ৰ গাওঁ)। প্ৰায় ৪০-৪৫ টা কোলি মাছুৱৈ সম্প্ৰদায়ৰ লোক তাত থাকে। তেওঁলোকে লগে-ভাগে খালা (মাছ শুকুৱা এখন মুকলি ঠাই) চলায়। মাধত এনে ভালেকেইখন মাছ শুকোৱা ঠাই আছে।
প্ৰায় প্ৰতিটো কোলি পৰিয়ালে ৫ৰ পৰা ১০ গৰাকী শ্ৰমিক ৰাখে, তাৰে প্ৰায়ভাগেই উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু আন ৰাজ্যৰ পৰা অহা। তেওঁলোক মুম্বাইলৈ অহাৰ সময় হৈছে প্ৰতিবছৰে ছেপ্টেম্বৰৰ পৰা জুন মাহলৈ। তেওঁলোকে কোলিসকলৰ বাবে ঠিকাত কাম কৰি আঠ মাহত প্ৰায় ৬৫ৰ পৰা ৭৫ হাজাৰ টকা উপাৰ্জন কৰে।
প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ৪-৫ জনে সাধাৰণতে কোলি পৰিয়ালে সুবিধা কৰি দিয়া এটা কোঠাতে থাকে। ইয়াৰে প্ৰায়ভাগ মহিলা অন্ধ্ৰপ্ৰদেশৰ পৰা অহা। ল’ৰা-ছোৱালী সহিতে গোটেই পৰিয়ালটোকে তেওঁলোকে লৈ আহে। মালিকে তেওঁলোকক পৃথকে থাকিবলৈ ঠাই দিয়ে আৰু মাহে ৭০০ টকা ভাৰা লয়।

সোঁফালে থকা ৰংগাম্মা (কেৱল নামটোহে ক’বলৈ ভাল পায়)ৰ ঘৰ অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাৰ যান্ত্ৰিকী গাঁৱত । তেওঁ তেলেগুৰ উপৰিও মাৰাঠী আৰু হিন্দী সলসলীয়াকৈ ক ’ব পাৰে । তেওঁ গিৰীয়েক আৰু পৰিয়ালৰ আন সদস্যৰ সৈতে যোৱা ২০ বছৰ ধৰি মাধলৈ আহি আছে । কেৱল তেওঁৰ শিক্ষকতা কৰা পুত্ৰ গাঁৱত থাকে । ‘বৰষুণ নাই,’ হিন্দীতে তেওঁ কৈ যায়, ‘সেয়ে খেতি কৰা সম্ভৱ নহয় । তাকে দেখি আমি ইয়ালৈ কাম বিচাৰি আহিলো ’

সুৰেশ ৰাজাকৰ ঘৰ উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ ধৰমপুৰ গাঁৱত । তেওঁ ইয়াৰ আগেয়ে থানেৰ ডম্বিভেলিৰ এটা ৰঙৰ কাৰখানাত সাত বছৰ কাম কৰিছিল , কেইমাহমান আগতে মাধলৈ আহিছে । ‘আমাৰ গাঁৱৰ মানুহবোৰ ইয়ালৈ বছৰে বছৰে আহি থাকে,’ তেওঁ কয় । ‘ইয়াত পইচা আৰু কাম ভাল’

জ্ঞানচন্দ মৌৰ্য্যৰ (বাওঁফালে) ঘৰো ধৰমপুৰত । ২০১৬ত ডোঙাৰপাৰালৈ অহাৰ আগেয়ে তেওঁ চেন্ট্ৰেল মুম্বাইৰ সাত ৰাস্তাত থকা এখন কাঠৰ দোকানত কাম কৰিছিল । একেখন গাঁৱৰে সুবেদাৰ গৌতম (মাজত)য়ে পাঁচ বছৰ ধৰি মাধলৈ আহি আছে, ধীৰাজ বিশ্বকৰ্মা (সোঁফালে)ৰ বয়স ২০ বছৰ, পঢ়ি থকাৰ মাজতে তেওঁ কাম কৰে আৰু পৰীক্ষাৰ সময়ত জৌনপুৰলৈ যায় - কেউজনে মাধতে আছে

‘নাকৱা (মালিক)সকলে ডাঙৰ ডাঙৰ নাও লৈ যায় আৰু গোটেই ৰাতি মাছ ধৰে,’ সুৰেশে কয় । ‘পুৱতি নিশা ৩-৪ মান বজাত আমি ৱায়াৰলেছ ৱাকিত জানিবলৈ পাও যে নাও আহি পাইছে । তেতিয়া আমি সৰু নাও লৈ গৈ মাছবোৰ উপকূললৈ লৈ আহো … আমাৰ কোনোৱে মাছমৰীয়াৰ নাঁৱত যাবলৈ ভাল নাপায় । সাগৰলৈ (গভীৰ সাগৰলৈ) গ’লে আমাৰ গা বেয়া হয় । নাকৱাসকলেই পাৰে ’

মাছবোৰ ধৰি অনাৰ পিছতেই সেইবোৰ ভাগে ভাগে ধোৱা কাম ৰংগাম্মাই আৰম্ভ কৰে । তেওঁ মোক এটা খদা দেখুৱাই কয় , ‘চোৱা, এই দ’মটোত সৰুৰ পৰা ডাঙৰ সকলো মাছ আছে, মিছামাছ আৰু জাবৰো আছে । সেইবোৰ আমি চাফা কৰিব লাগিব । ’ শুকাবৰ বাবে মেলি দিয়া পোনা মিছামাছবোৰ আবেলিলৈ গুলপীয়া ৰং ধৰে

খালাত কৰ্মী নিয়োগ কৰা দুগৰাকী মহিলা লতা কোলি (বাওঁফালে) আৰু ৰেশমা কোলি (সোঁমাজত) । কোলিসকলে তেওঁলোকৰ কৰ্মীসকলক নৌকৰ বুলি কয় । তাৰে মাজৰ এগৰাকী হৈছে সোঁফালে থকা মান্ত্ৰিকী গাঁৱৰ মৰিয়াপ্পা ভাৰতী । “আমাৰ (কোলিসকলে) আৰু সিহঁতৰ কাম একেই,” ৰেশমাই কয় । কোলিসকলৰ ল ’ৰা-ছোৱালীবোৰে আন জীৱিকা বাচি লৈছে, কাম অকলে চম্ভালিবলৈ মানুহৰ নাটনি কাৰণে শ্ৰমিকৰ প্ৰয়োজন হৈ পৰে

মহিলাসকলে আৰু লগতে দুই -এক পুৰুষে মিলি বিভিন্ন মাছ আৰু মিছামাছবোৰ পৃথক কৰাৰ পিছত সেয়া বৰফেৰে পেক কৰি উত্তৰ মুম্বাইৰ মালাড়ত থকা মাছৰ বজাৰলৈ লৈ যায় । কিছুমান মাছ ৰ ’দত শুকাবলৈ মেলি দিয়া হয় । আধাদিন পিছত সেয়া লুটিয়াই দিয়া হয় যাতে দুয়োটা ফালে ভালকৈ শুকায়

যান্ত্ৰিকী গাঁৱৰে দানেৰ গাণ্ডালে মাছবোৰ ধুইছে , সেয়া শুকুওৱা হ’ব নাইবা তেনেকৈয়ৈ বিক্ৰী কৰা হ’ব

কেইগৰাকীমান শ্ৰমিকে বম্বিল (জনপ্ৰিয় নাম বম্বে ডাক) মাছৰ দুটাৰ মুখদুখন জোৰা লগাই ৱালাণ্ডত (গোটাবাঁহত) পূবা-পশ্চিমাকৈ ওলমাই দিছে, যাতে দুয়োফালে সমানে ৰ’দ পৰে

কাউৰীক ভয় খুৱাবলৈ ৱালাণ্ডত ক ’লা প্লাষ্টিক ওলমাই থোৱা আছে, কাউৰীয়ে ক’লা প্লাষ্টিক দেখি বেলেগ কাউৰী বুলি ভাবি পলাব । এই কিটিপে কেতিয়াবাহে কাম কৰে

দিনটোৰ বচা আৰু শুকোৱা কাম যেতিয়া শেষ হয় , তেতিয়াও আন কিছুমান কাম যেনে মাছমৰা জালবোৰ মেৰামতি কৰা কাম থাকি যায় । ৫১ বছৰ বয়সীয়া ডমিনিক কোলি খালাৰ কোলি সম্প্ৰদায়ৰ এগৰাকী জ্যেষ্ঠ আৰু সন্মানীয় ব্যক্তি । তেওঁৰ কৰ্মচাৰী ছজন । আটাইকেইজনে প্ৰব্ৰজনকাৰী । নাও লৈ ওলোৱা , মাছ ধৰা, মাছ শুকোৱা আৰু জাল মেৰামতি কৰা - এই আটাইবোৰ কাম তেওঁ সেই ছজন শ্ৰমিকৰ লগত লগ লাগি কৰে । তেওঁ ডোঙাৰপাৰাৰ আন কোলি পৰিয়ালবোৰৰ সৈতে মিলি আব্দুল ৰাজ্জাক সোলকাৰ (ওপৰত) ভাৰা কৰি আনিছে । তেওঁ দিনটোৰ বাবে জালবোৰ মেৰামতি কৰিব । সোলকাৰৰ ঘৰ মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ ৰাজাপুৰ তালুকত । ‘মোৰ দেউতাই জাল গুঠিছিল, এতিয়া সেয়া মোৰ পেচা,’ তেওঁ কয় । ‘মই দিনহাজিৰা কৰা মানুহ । আজি ইয়াত ,কাইলৈ আন ক’ৰবাত দেখিব’

মাছ শুকোৱা পথাৰত এই সকলো কাম চলি থকাৰ মাজতে খালাত সুৰুঙা পালেই মাছলৈ বুলি গোটেই দিনটো চোপ লৈ থকা ভোকাতুৰ কাউৰী , কুকুৰ আৰু বগলী, মাছৰ তীব্ৰ গোন্ধে সিহঁতক মাতি আনে
অনুবাদ: পংকজ দাস