গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল । ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে । বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে ।
বোকা, মা আৰু ‘মজুৰি’
অন্ধ্ৰ প্ৰদেশৰ বিজয়নগৰমত ভূমিহীন শ্ৰমিকৰ সৈতে বৈঠকখন পুৱা ৭ বজাৰ সামান্য পূৰ্বে নিৰ্ধাৰণ কৰা হৈছিল। উদ্দেশ্য আছিল তেওঁলোকৰ দৈনন্দিন কামবোৰ প্ৰত্যক্ষ কৰা। অৱশ্যে, আমি পলমকৈ উপস্থিত হৈছিলোঁ। সেই সময়লৈকে মহিলাসকলে প্ৰায় তিনি ঘণ্টা কাম কৰিছিল। এই মহিলাসকলৰ দৰে যিসকলে খেজুৰ গছৰ মাজে মাজে পথাৰলৈ আহি আছে। বা তেওঁলোকৰ সহকৰ্মী মহিলাসকল যি ইতিমধ্যেই তাত উপস্থিত হৈছে আৰু গাঁতত জমা হোৱা বোকাবোৰ আঁতৰ কৰিছে।
এই মহিলাসকলৰ অধিকাংশই ৰন্ধা-বঢ়া, বাচন-বৰ্তন আৰু কাপোৰ ধোৱা আৰু ঘৰুৱা আন কিছুমান কাম শেষ কৰি উঠিছিল। তেওঁলোকে সন্তানবোৰকো স্কুললৈ সাজু কৰিছিল। পৰিয়ালৰ সকলো সদস্যক খুওৱা শেষ হৈছিল। অৱশ্যেই মহিলাসকলে সকলোৰে শেষত খাইছিল। চৰকাৰৰ কৰ্ম সংস্থাপনৰ নিশ্চিতিৰ চাইটত এয়া স্পষ্ট যে মহিলাসকলক পুৰুষতকৈ কম বেতন দিয়া হয়।
এইটোও স্পষ্ট যে ইয়াত পুৰুষ আৰু মহিলা দুয়োৰে বাবে ন্যূনতম মজুৰি আইন উলংঘা কৰা হৈছে। কেৰালা আৰু পশ্চিমবংগৰ দৰে ৰাজ্যৰ বাহিৰে সমগ্ৰ দেশতে এনেকুৱা হৈ আহিছে। তথাপিও সকলো ঠাইতে মহিলা শ্ৰমিকসকলে পুৰুষৰ মাত্ৰ আধা বা দুই-তৃতীয়াংশ মজুৰি লাভ কৰে।
যিহেতু মহিলা শ্ৰমিকৰ সংখ্যা বৃদ্ধি পাইছে, ভূমিৰ মালিকসকলে তেওঁলোকক কম মজুৰি দি লাভান্বিত হয়। ই তেওঁলোকৰ মজুৰিৰ বিল হ্ৰাস হোৱাত সহায় কৰে। ঠিকাদাৰ আৰু ভূমি মালিকসকলে এইবুলি যুক্তি দৰ্শায় যে যিহেতু মহিলাসকলে সহজ কাম কৰে, তেওঁলোকক মজুৰিও কমকৈ দিয়া হয়। তথাপিও পুলিবোৰ এঠাইৰ পৰা আন ঠাইত ৰোপণ কৰাটো এক কঠোৰ পৰিশ্ৰমী আৰু জটিল কাম। শস্য চপোৱাৰ ক্ষেত্ৰতো একেই ঘটনা হয়। এই দুয়োটা কামতে মহিলাসকলৰ বহুতো ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।
শস্য ৰোপণ প্ৰকৃততে দক্ষতাৰ কাম। যদি পুলিবোৰ পৰ্যাপ্ত গভীৰতাত ৰোপণ কৰা নহয় বা সঠিক দূৰত্বত ৰোপণ কৰা নহয়, সেইবোৰ শুকাই যাব পাৰে। যদি পথাৰখনত সঠিকভাৱে হাল বোৱা নহয়, পুলিবোৰ ভালকৈ নাবাঢ়িব। আনকি ৰোপণ কৰোঁতে বেছিভাগ সময়তে গোৰোহাৰ পৰা আঁঠুলৈ গভীৰ পানীত হেলান দিব লগা হয়। তথাপিও ইয়াক দক্ষতাবিহীন কাম বুলি গণ্য কৰা হয় আৰু কম মজুৰি দিয়া হয়। কাৰণ এই কামটো কেৱল মহিলাসকলে কৰে।
মহিলাসকলক কম মজুৰি দিয়াৰ আঁৰত আন এটা যুক্তি হ'ল যে তেওঁলোকে পুৰুষৰ সমান কাম কৰিব নোৱাৰে। কিন্তু এগৰাকী মহিলাই চপোৱা ধানৰ শস্য পুৰুষৰ দ্বাৰা চপোৱা পৰিমাণতকৈ কম বুলি প্ৰমাণ কৰিবলৈ কোনো যুক্তি নাই। তেনে পৰিপ্ৰেক্ষিতত মহিলাসকলে পুৰুষৰ সমান কাম কৰিলেও তেওঁলোকক কম মজুৰি দিয়া হয়।
যদি তেওঁলোকে কৰা কামৰ পৰিমাণ কম, তেন্তে ভূমি মালিকসকলে ইমানবোৰ মহিলাক নিযুক্তি দিব পাৰিলেহেঁতেন নেকি?



১৯৯৬ চনত, অন্ধ্ৰপ্ৰদেশ চৰকাৰে মালী, ধঁপাত তোলা আৰু কপাহ তোলাসকলৰ বাবে নিম্নতম মজুৰি নিৰ্ধাৰণ কৰিছিল। এই মজুৰি ৰোপণ আৰু শস্য চপোৱাৰ দৰে কাম কৰা শ্ৰমিকসকলৰ তুলনাত বহুত বেছি আছিল। সেয়েহে এই বৈষম্য প্ৰায়ে মুকলিকৈ আৰু 'চৰকাৰীভাৱে' হয়।
গতিকে এনে পৰিস্থিতিত, উৎপাদনশীলতাৰ সৈতে মজুৰিৰ হাৰৰ কোনো সম্পৰ্ক নাথাকিব পাৰে। সেইবোৰ অতীজৰ কুসংস্কাৰৰ ওপৰত আধাৰিত। এয়া বৈষম্যৰ এক পুৰণি ধাৰণা। আৰু ইয়াক স্বাভাৱিকভাৱে অনুমোদিত বুলি ধৰা হয়।
মহিলাসকলে পথাৰ আৰু অন্যান্য কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰম স্পষ্টভাৱে দেখা যায়। এই সকলোবোৰ কামে তেওঁলোকক তেওঁলোকৰ সন্তানৰ যত্ন লোৱাৰ মুখ্য দায়িত্বৰ পৰা মুক্ত নকৰে। ওড়িশাৰ মলকানগিৰিৰ এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ (তলৰ সোঁফালে) জনজাতীয় মহিলাগৰাকীয়ে তেওঁৰ দুই সন্তানক লৈ আহিছে। ইয়াত উপস্থিত হ'বলৈ তেওঁ কেইবা কিলোমিটাৰো খোজ কাঢ়িব লগীয়া হৈছিল। আৰু নিজৰ সন্তানক অধিকাংশ সময়েই পাহাৰৰ নামনিত ঘণ্টাজুৰি কাম কৰাৰ পিছত পথত কোলাত লৈ খোজ কাঢ়ি আহিবলগীয়া হৈছিল৷


অনুবাদ: মনোৰঞ্জন মজুমদাৰ