কে সুনীল কৰ্ণাটকৰ চামাৰাজনগৰ জিলাৰ বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে সীমাতে থকা কানিয়াপুৰা চুবুৰীত থাকে। কানিয়াপুৰি হৈছে এক জনজাতীয় এলেকা আৰু একে নামৰে ডাঙৰ গাঁও। তেওঁ চলিগা আদিবাসী জনজাতিৰ আৰু তেওঁৰ পিতৃ-মাতৃয়ে শ্ৰমিক হিচাপে কাম কৰে আৰু তেওঁৰ একমাত্ৰ ভনীগৰাকী ঘৰতে থাকে।
সুনীলৰ বয়স ১৯ আৰু তেওঁ ১০ শ্ৰেণীৰ পঢ়া সম্পুৰ্ণ কৰিছে। তামিলনাডু, কৰ্ণাটক আৰু কেৰেলাৰ ত্ৰিকোণীয় সংযোগস্থলত স্থিত মুডুমালাই নামৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ কাৰগুড়ি গাঁৱত কাম কৰে। এই উদ্যানখন বন্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানৰে এক অংশ। তেওঁক ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীয়ে গছ জোখা আৰু অইন ক্ষেত্ৰ অধ্যয়ন কৰাৰ সময়ত সহযোগী হিচাপে নিয়োজিত কৰিছে।

সুনীলৰ ফটো ৰচনাখন হৈছে বন্যপ্ৰাণীৰ সৈতে জীৱন নিৰ্বাহ কৰাৰ বিষয়ে কৰা এটা সহযোগী প্ৰকল্পৰ এটা অংশ আৰু পৰি (PARI)ৰ ছখন ধাৰাবাহিকৰ এটা অংশ। ছমাহ কালত তেওঁ তেওঁৰ দৈনন্দিন জীৱনৰ ফটো তুলিছে (ফিউজিফিল্ম ফাইনপিক্স S8630 ব্যৱহাৰ কৰি)। ইয়াতে উপস্থাপন কৰা ফটোত বাদেও সুনীলে কোৱামতে তেওঁ তেওঁৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ ফটো তুলি আৰু তেওঁৰ গাঁৱৰ সাংস্কৃতিক উত্সৱ-পাৰ্ৱণবোৰৰ ভিডিঅ কৰি খুব ভাল পালে।

কানিয়াপুৰা কলনিঃ “এয়া মোৰ গাওঁখন। আগতে ইয়াতে চুবুৰী নাছিল। ইয়াতে এজন মহাজন আছিল আৰু সকলোৱে তেওঁৰ বাবে কাম কৰিছিল। পিছলৈ চৰকাৰে আমাক ঘৰ সাজিবলৈ মাটি দিলে আৰু ঠাইটুকুৰা কানিয়াপুৰা চুবুৰী হৈ পৰিল।”

বীৰভদ্ৰ কুণিতাঃ “এয়া আমাৰ গাঁৱৰ এখন বিয়া। ৰঙা পোচাক পৰিহিতজনক বিয়াত প্ৰদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। (বিদৰ্ভ কুণিতা হৈছে এক জনপ্ৰিয় লোককলা আৰু নৃত্য)। তেওঁ লিংগায়াত জাতৰ। তেওঁ বিয়াৰ সময়ত বিভিন্ন বিধি পৰিচালনা কৰে।”

মৰিয়াম্মাঃ “এয়া দেৱী বক্কাপুৰম মৰিয়াম্মা। দেৱীগৰাকীক প্ৰত্যেক বছৰে শোভাযাত্ৰাৰ বাবে উলিয়াই নিয়া হয়। দেৱীক আ-অলংকাৰেৰে সু-সজ্জিত কৰা হয়।”

খিৰোৱাঃ “এয়া মোৰ চুবুৰীয়া। তেওঁ গাই খীৰাই আছে। তেওঁ দুটামাত্ৰ গৰু আছে। গাখীৰখিনি তেওঁ পামত বেচে। গৰুৱে প্ৰতি তেওঁ প্ৰায় দুই লিটাৰমান পায় আৰু তাৰে এক লিটাৰমানকৈ (প্ৰত্যেকৰে) বিক্ৰী কৰে। তেওঁ তাৰে লিটাৰে প্ৰতি ২২-২৫ টকামান পায়। এনেদৰে দিনটোত ৫০ টকা মান উপাৰ্জন হয়। তেওঁ বেছিদুৰ খোজ কাঢ়িব নোৱাৰে।”

গৰু গাড়ীঃ “ইয়াৰে খেতিয়কবোৰে খেতি চপাইছে আৰু সেয়া ঘৰলৈ নিছে। এইখন মংগালা গাওঁ।”

সুৰ্যাস্তঃ “এইখন কানিয়াপুৰা গাঁৱৰ সমীপৰ ফটো। মই কামৰ পৰা উভতাৰ বাটত এইখন তুলিছিলো। পাহাৰবোৰ দেখা ঠাইখিনিতে মংগালা গাওঁখন আছে।”

ক্যাথাম্বাৰা জৰ্জঃ “এই ঠাইখনক ক্যাথাম্বাৰা জৰ্জ বুলি কোৱা হয়। এইখন উপত্যাকা আৰু পানী তললৈ পৰিছে। গ্ৰীষ্মকালতো ইয়াতে পানী নকমে।”

হাতীঃ “মই এই ফটোখন অভয়াৰণ্যৰ কাষত লৈছিলো। এই দঁতাল হাতীটো হাতীশিবিৰৰ। তাতে মাউত হিচাপে মোৰ কেইজনমান বন্ধুই কাম কৰে।”

বনৰীয়া মহঃ “সাধাৰণতে ইয়াতে আমি বনৰীয়া মহ দেখা নাপাও। গভীৰ হাবিতহে ইয়াক দেখা যায়।”
এই প্ৰকল্পটো জেৰে মাৰ্গুলিছৰ সাহায্যপ্ৰাপ্ত, সহযোগ আগবঢ়াইছিল কৰ্ণাটকৰ মংগলা গাঁওস্থিত মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টে। বাল্টিমোৰ কাউণ্টিৰ ইউনিভাৰ্ছিটি অৱ মেৰিলেণ্ডৰ গ্ৰেজুৱেট ষ্টুডেণ্ট এচছিয়েছন ৰিচাৰ্ছ গ্ৰাণ্টৰ অধীনত দিয়া ২০১৫-১৬ বৰ্ষৰ ফুলব্ৰাইট নেহৰু ছাত্ৰ গৱেষণা অনুদানেৰে আৰু মৰিয়াম্মা চেৰিটেবল ট্ৰাষ্টৰ দয়াশীল সহযোগত আৰু তদুপৰি ফটোগ্ৰাফাৰসকলৰ অংশগ্ৰহণ, উত্সাহ-উদ্দীপনা আৰু প্ৰচেষ্টাৰ বলতে সম্ভৱ হৈ উঠিছিল। বি আৰ ৰাজীৱে আটাইখিনি অনুবাদ কৰি দিয়াটো অমূল্য সহায়। পৰিৰ (PARI)ক্ৰিয়েটিভ কমনচ পলিচিৰ অনুসাৰে ফটোবোৰৰ সমগ্ৰ স্বত্ব ফটোগ্ৰাফাৰৰ হাতত থাকিব। ইয়াৰে কিবা ব্যৱহাৰ বা পুনৰ প্ৰকাশৰ বিষয়ে যিকোনো কথা পৰিৰ (PARI) সৈতে আলোচনাৰ অধীন।
অনুবাদকঃ ৰশ্মি ৰেখা দাস