প্ৰতিদিনে ৰাতিপুৱা শ্বেইখ পৰিয়ালৰ সকলোৱেই কামলৈ যায়। মধ্য শ্ৰীনগৰৰ বটমালু এলেকাত থকা এটা বস্তিত বাস কৰা ফাতিমাই ৰাতিপুৱা ৯ বজাত ঘৰ এৰে আৰু আবেলি প্ৰায় ৫ বজালৈকে তেওঁ ২০ কিলোমিটাৰ মান চাইকেল চলাই পেলায় দিয়া প্লাষ্টিকৰ বটল আৰু গট্টা (কাৰ্ড ব’ৰ্ড)সংগ্ৰহ কৰে। তেওঁৰ স্বামী, মহম্মদ কুৰ্বান শ্বেইখে কেতিয়াবা দূৰলৈকে যায়। নগৰৰ সীমাৰ বাহিৰৰ ৩০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা নগৰ আৰু গাওঁবোৰৰ পৰা ফাতিমাৰ দৰেই, এখন তিনিচকীয়া চাইকেল–ৰিক্সাৰ পিছফালে টেম্প’ৰ দৰে এটা কণ্টেইনাৰ লগাই পেলাই দিয়া বস্তু বিচাৰি ফুৰে। তেওঁলোকৰ ১৭ বছৰৰ পৰা ২১ বছৰ বয়সীয়া ছোৱালী আৰু ল’ৰা দুজনেও শ্ৰীনগৰৰ পৰা জাবৰ সংগ্ৰহ কৰে।
একেলগে পাঁচোজনে শ্ৰীনগৰৰ ঘৰ, হোটেল, কনষ্ট্ৰাকছন ছাইট, শাক-পাচলিৰ বজাৰ আৰু অন্য স্থানবোৰত গোট খোৱা ৪৫০-৫০০ টন জাবৰৰ এক সৰু অংশ চাফা কৰে, এই হিচাপ শ্ৰীনগৰ পৌৰ নিগমে দিয়া।
শ্বেইখ পৰিয়াল আৰু অসংখ্য অন্য জাবৰ-বোটলা লোক, পৌৰ নিগমৰ বৰ্জ্য ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ লগত আনুষ্ঠানিকভাৱে সংযোজিত নহয়। পৌৰ নিগমৰ অধ্যক্ষ আথাৰ আমিৰ খানে কোৱা মতে, তেওঁলোকে প্ৰায় ৪০০০ গৰাকী চাফাই কৰ্মীক নগৰৰ গোটা জাবৰ সংগ্ৰহ আৰু একে স্থানত পেলাবৰ বাবে স্থায়ীভাৱে বা চুক্তিৰ অধীনত নিয়োগ কৰিছে। শ্ৰীনগৰ পৌৰ নিগমৰ মুখ্য চাফাই কৰ্মী নাজিৰ আহমেদে কয় যে “যদিও জাবৰ বোটলা লোকসকল আমাৰ বন্ধুৱেই হয়, তেওঁলোকে পেলনীয়া প্লাষ্টিকবোৰ আঁতৰাই নিয়ে যিবোৰ ১০০ বছৰটো ডিকম্প’জ নহয়। ”
জাবৰ-বোটলা লোকসকল কেৱল “স্ব-নিয়োজিত”ই নহয়, অতি বিপজ্জনক পৰিস্থিতিটো তেওঁলোকে কোনো সুৰক্ষা নোহোৱাকৈয়ে কাম কৰে। তাতে আকৌ ক’ভিড-১৯ অতিমাৰীৰ বাবে তেওঁলোক আৰু বেছি সুৰক্ষাবিহীন হৈ পৰিছে। “মই ভগৱানৰ ওপৰত ভৰসা ৰাখি কাম পুনৰ আৰম্ভ কৰিছিলো [২০২১ৰ জানুৱাৰীত লকডাউন শিথিল হোৱাৰ পিছত]। মই মোৰ পৰিয়ালৰ বাবে চাউলকণ যোগাৰৰ বাবে বিশুদ্ধচিত্তে কাম কৰো আৰু মই জানো যে মই সংক্ৰমিত নহওঁ....” ৪০ বছৰীয়া ফাতিমাই কয়।

ৰাতিপুৱা ৯ বজাৰ পৰা আবেলি ৫ বজালৈকে পেলনীয়া প্লাষ্টিক বটল আৰু গট্টা (কাৰ্ডব’ৰ্ড) গোটাবৰ বাবে ফাতিমাই শ্ৰীনগৰৰ ভিতৰত প্ৰায় ২০ কিলোমিটাৰ মান বাট চাইকেল চলায়
৩৫ বছৰীয়া মহম্মদ কবীৰো সেই একেই ভয় আৰু ভৰসাৰ মাজতে চলি আছে। তেওঁ মধ্য শ্ৰীনগৰৰ চৌৰা অঞ্চলৰ এক বস্তিত বাস কৰে আৰু ২০০২ চনৰ পৰাই জাবৰ বোটলা কাম কৰি আহিছে। “মই সংক্ৰমিত হ’লে [ক’ভিডৰ দ্বাৰা] মোৰ পৰিয়াললৈ এই ৰোগ বিয়পি পৰিব বুলি মোৰ ভয় হয়। কিন্তু মই তেওঁলোকক ভোকত থাকিবলৈ দিবও নোৱাৰো, সেয়েহে মই মোৰ কাম কৰিবলৈ ওলাই যাওঁ। যেতিয়া এই ক’ৰনা আৰম্ভ হৈছিল, মই মোৰ ঠিকাদাৰৰ [পেলনীয়া বস্তুৰ ব্যৱসায়ী] পৰা ৫০,০০০ টকা ধাৰে লৈছিলো। এতিয়া মই সেইটো পৰিশোধ কৰিব লাগিব, সেই বাবেই বিপদ আছে বুলি জানিও মই কামলৈ ওলাই আহোঁ।” পত্নী আৰু ২ৰ পৰা ১৮ বছৰ বয়সৰ দুজনী ছোৱালী আৰু আৰু দুটা ল’ৰাৰ সৈতে কবীৰৰ ছজনীয়া পৰিয়ালটোত কবীৰেই একমাত্ৰ উপাৰ্জনকাৰী।
তেওঁ আৰু অন্য কৰ্মীসকলে আন বিভিন্ন সমস্যাৰো সন্মুখীন হয়। “জাবৰবোৰত কি আছে আমি নাজানো, কেতিয়াবা আমাক ব্লেডে কাটে, কেতিয়াবা ব্যৱহাৰ কৰা বেজীৰ খোচ খাওঁ,” উত্তৰ শ্ৰীনগৰৰ এইছএমটি অঞ্চলত বাস কৰা ৪৫ বছৰীয়া ইমান আলীয়ে কয়। এই আঘাতবোৰৰ পৰা একো ডাঙৰ কিবা নহওঁক বুলি তেওঁ কেইমাহমানৰ মূৰে মূৰে চৰকাৰী হস্পিতাল বা ক্লিনিকত এটা এণ্টি-টিটেনাছৰ বেজী লয়।
প্ৰতিদিনে ৫০ৰ পৰা ৮০ কিলো পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে নিজৰ নিজৰ ঘৰৰ ওচৰত থকা মুকলি ঠাইত পেলনীয়া বস্তুবোৰ ভাগ কৰে। তাৰ পিছত তেওঁলোকে প্লাষ্টিক, কাৰ্ডব’ৰ্ড, এলুমিনিয়ামৰ টিন আৰু অন্য বস্তুবোৰ ডাঙৰ ডাঙৰ প্লাষ্টিকৰ বস্তাত ভৰায়। “যদি সেইবোৰৰ ওজন টন হিচাপত থাকে, তেন্তে স্ক্ৰেপ ডিলাৰে সিহঁতৰ ট্ৰাকবোৰ ইয়ালৈকে পঠিয়াই দিয়ে। কিন্তু আমি প্ৰায়ে গোটাই নথওঁ, আমি যিবোৰ সংগ্ৰহ কৰিলো বেচি দিওঁ আৰু তাৰ বাবে আমি ডিলাৰবোৰৰ ওচৰলৈ পুনৰ ৪-৫ কিলোমিটাৰ চাইকেল চলাবলগীয়া হয়”, বুলি মহম্মদ কুৰ্বান শ্বেইখে কয়। ডিলাৰবোৰে প্ৰতি কিলো প্লাষ্টিকত ৮ টকা আৰু প্ৰতিকিলো কাৰ্ডব’ৰ্ডত ৫ টকাকৈ দিয়ে।
শ্বেইখে লগতে কয় যে জাবৰ বোটলাসকলে সাধাৰণতে মাহত ১৫-২০ দিন কাম কৰে আৰু বাকীকেইদিন তেওঁলোকে গোটোৱা বস্তুবোৰ ভাগ কৰি কটায়। পেলনীয়া বস্তু বেচি তেওঁৰ পাঁচজনীয়া পৰিয়ালটোৰ সকলোৱে মিলি মাহটোত প্ৰায় ২০,০০০ টকা উপাৰ্জন কৰে। ফাতিমাই কয় “ইয়াৰ পৰা আমি মাহিলী ভাড়া [ঘৰৰ] ৫০০০ টকা দিব লাগে, খোৱাবস্তু কিনিব লাগে, চাইকেলৰ [তিনিচকীয়া] মেৰামতি কৰিব লাগে আৰু অন্য সাধাৰণ প্ৰয়োজনীয়া সা-সামগ্ৰী কিনিব লাগে। মুঠতে, আমি যি ঘটো সকলো খাওঁতেই শেষ হয়, আমাৰ কামটো এনে নহয়ে যে আমি ধন জমা কৰিব পাৰো।”

স্ক্ৰেপ ডিলাৰৰ তালৈ নিবলৈ মহম্মদ কুৰ্বান শ্বেইখে প্লাষ্টিকৰ বটল আদি ভাগে ভাগে চিজিল কৰিছে
তেওঁৰ পৰিয়াল আৰু অন্য জাবৰ-বোটলা লোকসকলৰ সাধাৰণতে নিৰ্দিষ্ট স্ক্ৰেপ ডিলাৰৰ লগত বিক্ৰী কৰা চুক্তি থাকে। নগৰৰ উত্তৰ দিশত থকা বেমিনাৰ এগৰাকী ৩৯ বছৰীয়া ব্যৱসায়ী ৰিয়াজ আহমেদে অনুমান কৰি কয় যে শ্ৰীনগৰৰ বিভিন্ন ঠাইত প্ৰায় ৫০-৬০ জন স্ক্ৰেপ ডিলাৰ আছে। “তেওঁলোকে (জাবৰ-বোটলা লোকসকলে) প্ৰায় এক টন প্লাষ্টিক আৰু ডেৰ টন কাৰ্ডব’ৰ্ড প্ৰতিদিনে মোৰ কাৰখানালৈ লৈ আনে,” তেওঁ কয়।
ৰিচাইকল কৰা এই প্ৰক্ৰিয়াত কেতিয়াবা ইমান হুছেইনৰ দৰে মধ্যভোগীও থাকে। “এই গোটেই কলনিত মই তেওঁলোকৰ [জাবৰ-বোটলা লোকসকল] আৰু কাবাড়ীবালাৰ (স্ক্ৰেপ ডিলাৰ)ৰ মাজৰ মধ্যভোগীৰ কাম কৰোঁ,” ৩৮ বছৰীযা ইমান হুছেইনে উত্তৰ শ্ৰীনগৰৰ এইছএমটি অঞ্চল স্থিত তেওঁৰ বস্তিৰ উল্লেখ কৰি কয়। “সংগ্ৰহ কৰা প্লাষ্টিক আৰু কাৰ্ডব’ৰ্ডৰ গুণমাণৰ ওপৰত ভিত্তি কৰি মই তেওঁলোকৰ (জাবৰ-বোটলা লোকসকলৰ) পৰা প্ৰতি কিলোত ৫০ পইচাৰ পৰা ২ টকালৈকে কমিছন পাওঁ। সাধাৰণতে মই মাহটোত ৮ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন কৰোঁ।”
পুনৰ ব্যৱহাৰ নোহোৱা পেলনীয়া বস্তুবোৰ (অধিকাংশই) মধ্য শ্ৰীনগৰৰ চাইদাপ’ৰা অঞ্চলত থকা অচন চৌৰা ডাম্পিং গ্ৰাউণ্ডত পেলাই দিয়া হয়। পৌৰ নিগম ক’ৰ্প’ৰেচনে ১৯৮৬ত প্ৰায় ৬৫ একৰ মাটিত এই কাম আৰম্ভ কৰিছিল আৰু পিছলৈ শ্ৰীনগৰত উত্পন্ন হোৱা গোটা জাবৰৰ বৰ্ধিত পৰিমাণৰ ফলত এই ক্ষেত্ৰ বাঢ়ি গৈ ১৭৫ একৰ হ’লগৈ।
ডাম্পিং গ্ৰাউণ্ডত পৌৰ নিগমৰ সৈতে “বেচৰকাৰীভাৱে পঞ্জীকৃত” প্ৰায় ১২০ গৰাকী জাবৰ-বোটলা লোকক তাৰপৰা প্লাষ্টিক বুটলিবলৈ অনুমতি দিয়া হৈছে বুলি মূখ্য চাফাই কৰ্মী নাজিৰ আহমেদে কয,” আৰু তেওঁলোকে প্ৰতিদিনে প্ৰায় ১০ টন জাবৰ সংগ্ৰহ কৰে।”
ডাঙৰ হৈ অহা নগৰখনে য’ত অবিৰতভাৱে প্লাষ্টিক আৰু অন্য পেলনীয়া বস্তু উত্পন্ন কৰি গৈ আছে, কাশ্মীৰত চলি থকা সঘন বাধা-বিঘিনি আৰু লকডাউনৰ ফলত জাবৰ বোটলা লোকসকল স্ক্ৰেপ ডিলাৰৰ পৰা ঋণ বিচাৰিবলৈ বাধ্য হৈছে, বা এনেবোৰ মাহত খাদ্যৰ বাবে তেওঁলোকে স্থানীয় মছজিদৰ ওচৰত নিৰ্ভৰশীল হ’ব লগা হৈছে।
ইমানবোৰ কঠিনতাৰ পিছতো আন এটা কথাইহে তেওঁলোকক মনোকষ্ট দিয়েঃ ইমান হুছেইনে কয়, “আমি আমাৰ কামৰ বাবে আন লোকসকলৰ পৰা সন্মান নাপাওঁ, কিছুমানে আমি চুৰ কৰোঁ বুলি কয়, কিন্তু আমি কেতিয়াও চুৰ নকৰো, আমি মাত্ৰ মানুহে পেলাই দিয়া প্লাষ্টিক আৰু কাৰ্ডব’ৰ্ড সংগ্ৰহ কৰো। কিন্তু এইটোনো কি কথা? আল্লাই জানে যে আমি আমাৰ কাম অতি সততাৰে কৰো।”

উত্তৰ শ্ৰীনগৰৰ এইছ.এম.টি.অঞ্চলৰ এক বস্তি, জাবৰ বোটলা পৰিয়ালবোৰৰ তাতেই আশ্ৰয়স্থল

বৰ্বৰশ্বাহ অঞ্চলত বাস কৰা ১৬ বছৰীয়া আৰিফে বহু মানুহে জাবৰ পেলোৱা ঠাই মখডুম চাহেব অঞ্চলত ট্ৰাক এখনৰ পৰা জাবৰ খুঁচৰিছে। তেওঁ কয়, “মই আজি কামলৈ আহোঁতে দেৰি হ’ল, সাধাৰণতে মই পৌৰ নিগমৰ কৰ্মচাৰীবোৰতকৈ আগতেই আহোঁ, কিন্তু আজি তেওঁলোকে আগতেই জাবৰ উঠালে, এতিয়া মই আৰু বেলেগ কৰবাত জাবৰ-জোঁথৰ পাওঁ নেকি চাম নহলে খালি চাইকেলখন লৈ ঘূৰি যাম”

৩৫ বৰ্ষীয় মহম্মদ ৰনিয়ে উত্তৰ শ্ৰীনগৰৰ বেমিনা অঞ্চলৰ ওচৰত পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰিছে

৩২বৰ্ষীয় আশাই মেইচুমা অঞ্চলত জাবৰেৰে ভৰ্ত্তি হৈ থকা বস্তাবোৰ চিজিল কৰিছে, সেইখিনি তেওঁ আৰু তেওঁৰ লগৰীয়াসকলে সেইদিনা গোটাইছিল। সাধাৰণতে আশাই লাল চৌকৰ ওচৰৰ অঞ্চলসমূহত কাম কৰে- সেইয়া এক ব্যস্ত বজাৰ অঞ্চল, তাতে পেলনীয়া কাৰ্ডব’ৰ্ডৰ বাকচবোৰ সহজে পোৱা যায়

৪০ বৰ্ষীয় মুজীবুৰ ৰেহমানে প্লাষ্টিক আৰু কাৰ্ডৰ্বোড নমাই আছে, সেইখিনি তেওঁ আগদিনাই গোটাই থৈছিল

মহম্মদ কবীৰে মধ্য শ্ৰীনগৰৰ চৌৰা অঞ্চলৰ পেলনীয়া সামগ্ৰীৰ বজাৰলৈ নিবলৈ বুলি জাবৰৰ বাকচবোৰ লোড কৰি আছে

জাবৰ বোটলা লোকসকলে শ্ৰীনগৰৰ এইচ.এম.টি অঞ্চলত এখন ট্ৰাকত বটলেৰে ভৰ্তি বস্তাবোৰ লোড কৰি আছে, প্ৰত্যেকটো বস্তাৰ ওজন ৪০ৰ পৰা ৭০ কিলো হ’ব, তেওঁলোকে এইবোৰ স্ক্ৰেপ ডিলাৰৰ ওচৰলৈ লৈ যাব। “মই প্লাষ্টিক বটলৰ ১০-১২টা বস্তা এই গাড়ীখনত লৈ যাব পাৰো” ১৯ বছৰীয়া ট্ৰাক চলোৱা মহম্মদ ইমৰানে কয়

শ্ৰীনগৰৰ ৰাস্তাত ঘন্টা ঘণ্টা ধৰি পৰিশ্ৰম কৰাৰ পিচত, দিনটো একগোট কৰা জাবৰবোৰ ঠিক কৰি থকা ৩২ বৰ্ষীয়া ৰিয়াজ শ্বেইখে কয়, “যদি মই কাম কৰো তেতিয়া হয়তো কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হব পাৰো, যদিহে মই কাম নকৰো পৰিয়ালৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰাৰ চিন্তাতো মোক বেমাৰে লগ দিব”

বেমিনাত থকা স্ক্ৰেপ ডিলাৰ ৰিয়াজ আহমেদৰ কাৰখানাত বহুত টন প্লাষ্টিক আৰু কাৰ্ডৰ্বোডৰ দম

কাশ্মীৰৰ ঠেটুৱৈ ধৰা শীতৰ দিন এটাত কামৰ পৰা ঘূৰি অহা মহম্মদ ছাকুৰক বেছি জাবৰ সংগ্ৰহ কৰিব নোৱাৰি নিৰাশ হোৱা দেখা গৈছে

কাশ্মীৰৰ হিম শীতল দিন এটাত মহম্মদ ছাকুৰ আৰু তেওঁৰ এজন বন্ধুৱে (নামটো জনাব নিবিচাৰে) জুইৰ সেক লৈ থাকোতে

ককায়েক-ভায়েক সাত বছৰীয়া ৰাবুল (সন্মুখত) আৰু আঠ বছৰীয়া ৰেহানে তেওঁলোকৰ দেউতাকৰ ৰিক্সাৰ ওপৰত খেলি আছে। ৰেহানে কয় “আব্বাৰ ওচৰত ইমান পইচা নাই যে তেওঁ আমাৰ বাবে ৰিম’ট কণ্ট্ৰ’লৰ চাইকেল আনি দিব পাৰিব, সেই কাৰণে আমি আব্বাৰ চাইকেলখনতে খেলোঁ“

মহম্মদ ইমানে কয়, “মই মোৰ ছোৱালীজনীৰ বাবে এটা মোবাইল ফোন কিনিবলগীয়া হ’ল, তাই যাতে পঢ়া-শুনা চলাই যাব পাৰে, তাইও জাবৰ বোটলা কামকে কৰক, মই নিবিচাৰো।” তেওঁৰ ছোৱালীজনী ওচৰৰ এখন স্কুলত নৱম শ্ৰেণীত পঢ়ে

ফাতিমা আৰু এগৰাকী চুবুৰীয়াই ওচৰৰ এটা খালৰ পৰা পানী তুলি আনিছে; তেওঁলোকৰ বস্তিত পানীকলৰ সুবিধা নাই

বটমালুৰ এখন বস্তিত বাস কৰা ফাতিমাই শ্ৰীনগৰত ৯ বছৰ ধৰি পেলনীয়া জাবৰ পেলোৱা কাম কৰি আছে। তেওঁ কয় “ওচৰে-পাজৰে আমাৰ নিচিনা ২০ ঘৰ পৰিয়াল থাকো আৰু যিমান দূৰ মই জানো, আমাৰ মাজৰ পৰা কৰ’ণা ভাইৰাছৰ দ্বাৰা কোনো সংক্ৰমিত হোৱা নাই, মোৰ আল্লাৰ ওপৰত ভৰসা আছে আৰু তেওঁৰ নাম লৈয়ে মই কামৰ বাবে বাহিৰলৈ যাওঁ“

বটমালুৰ এক বস্তিত বাস কৰা মূলত কলকাতাৰ ২৪ বছৰীয়া মহম্মদ সাগৰে কয়, “প্ৰথমে ক’ভিড আহিল,তাৰ পিছত ঠেটুৱৈ ধৰা জাৰ, মই ইয়াত কটোৱা ৪টা বছৰত ইমান ঠাণ্ডা কেতিয়াও পোৱা নাই। “সাগৰে ৪ বছৰ ধৰি জাবৰ বোটলা কাম কৰি আছে। তেওঁ কয়, “মই মোৰ ঠিকাদাৰৰ পৰা (লকডাউনৰ সময়ত) ৪০,০০০ টকা ধাৰ লৈছিলো, এতিয়া মই কেৱল পৰিস্থিতি ঠিক হোৱালৈ আশা কৰিব পাৰো যাতে মই কাম কৰিব পাৰো আৰু মই মোৰ ধাৰ শুজিব পাৰো”

শ্ৰীনগৰৰ পৌৰ নিগমৰ কৰ্মচাৰীসকলে মেচিনৰ সহায়েৰে জাবৰ গোটাইছে। শ্বেইখ পৰিয়ালৰ দৰে জাবৰ বোটলা লোকসকল নিগমৰ বৰ্জ্য ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ লগত আনুষ্ঠানিকভাৱে জড়িত নহয়। নগৰৰ গোটা জাবৰ সংগ্ৰহ আৰু পেলাবৰ বাবে নিগমে প্ৰায় ৪,০০০ চাফাই কৰ্মীক নিয়োজিত কৰিছে

আচান ডাম্পিং গ্ৰাউণ্ডত জাবৰৰ পাহাৰ
অনুবাদ: ল’নলী গগৈ