ছেপ্টেম্বৰৰ আগভাগৰ কথা, ঘোঁৰামাৰা দ্বীপৰ ফেৰিঘাটটো ব্যস্ত হৈ পৰিছে। পুৰুষ-মহিলা-শিশু, আনকি গৰু-ম’হেও নাওখনৰ পৰা খৰধৰকৈ নামি দিনটোৰ বাবে ওলাবলৈ খৰখেদা কৰিছে। জোৱাৰ-ভাটা বাঢ়িলে প্ৰায়ে দ্বীপটোৰ পৰা ওলাই গৈ সম্পৰ্কীয়ৰ ঘৰত থকা মানুহবোৰ পানী কমা দেখি নিজ ঘৰলৈ উভতিছে। কাকদ্বীপৰ পৰা সুন্দৰবন বদ্বীপৰ সেই দ্বীপটোলৈ ফেৰিৰে ৪০ মিনিট সময় লাগে, মাহত অতিকমেও দুবাৰ তালৈ ফেৰি অহা-যোৱা কৰে। কিন্তু অহা-যোৱাৰ এই ৰুটিনখনেই পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ এই সৰু দ্বীপটোত ঘোৰামাৰাবাসীৰ দীঘলীয়া জীৱন সংগ্ৰামৰ ছবিখন দাঙি ধৰিছে।
সঘনাই অহা ঘূৰ্ণীবতাহ, ক্ৰমশঃ ওখ হৈ অহা সাগৰপৃষ্ঠ আৰু অতিবৃষ্টি – জলবায়ু পৰিৱৰ্তনৰ এইকেইটা লক্ষণে ঘোৰামাৰাবাসীৰ জীৱনবোৰ আৰু বেছি কঠিন কৰি তুলিছে । দশকৰ পিছত দশকজোৰা বানপানী আৰু ভূ-অৱক্ষয়ে হুগলী মোহনাৰ তেওঁলোকৰ অকলশৰীয়া দ্বীপটো পানীৰ মাজত ভাঁহি থকা ভূখণ্ড এটুকুৰালৈ পৰিণত কৰিছে।
মে’ মাহত যেতিয়া য়াছ ঘূৰ্ণীবতাহ আহি ভূভাগ পাইছিল, সুন্দৰবনৰ সাগৰ ব্লকৰ ঘোঁৰামাৰা অঞ্চলটোৰ আটাইতকৈ বেছি ক্ষতিসাধন হৈছিল। ২৬ মে’ত ঘূৰ্ণীবতাহ আৰু জোৱাৰ-ভাটাই দ্বীপটোৰ মথাউৰি ভাগি পেলাইছিল আৰু ১৫ কি ২০ মিনিটত গোটেইটো দ্বীপ জলমগ্ন হৈ পৰিছিল। ২০২০ত আমফান আৰু তাৰ আগত ২০১৯ত বুলবুলে তচনচ কৰা দ্বীপটোৰ বাসিন্দাসকলে কোনোমতে জীৱন-জীৱিকা চিজিল লগাবলৈ ধৰিছিলহে, কিন্তু পুনৰাই য়াছে তেওঁলোকক ধৰাশায়ী কৰি পেলায়। তেওঁলোকৰ ঘৰবোৰ বানে ভাঙি নিলে, ধান-তামোলৰ ভঁৰাল আৰু সৰিয়হৰ খেতি উটুৱাই নিলে।
ঘূৰ্ণীবতাহৰ ফলত আব্দুল ৰৌফৰ খাচিমাৰা ঘাটৰ কাষতে থকা ঘৰটো ভাগি চুৰমাৰ হৈ গ’ল। “সেই তিনিদিন খাবলৈ বুলি খুদকণ এটাও নাছিল, বৰষুণৰ পানী খাই বাচি আছিলো, আশ্ৰয় বুলিবলৈ আছিল এখন প্লাষ্টিকৰ তিৰ্পাল,” খাচিমাৰাৰ পৰা ৯০ কিলোমিটাৰ দূৰৰ কলকাতাত চিলাই-কটাই কাম কৰা ৰৌফে কয়। তেওঁ আৰু তেওঁৰ ঘৈণীয়েক দুয়োজনেই নৰিয়াত পৰোঁতে “সকলোৱে আমাৰ ক’ভিড হোৱা বুলি সন্দেহ কৰিছিল,” তেওঁ কয়। “বহুতেই গাওঁ এৰি আঁতৰি গৈছিল,” ৰৌফে কয়। “নিৰাপদ স্থানলৈ যাবলৈ আমাৰ গাত বল নাছিল, তাতেই থাকিবলগীয়া হৈছিল।” খণ্ড উন্নয়ন বিষয়াজনক কোনোবাই খবৰ দিওতেহে ৰৌফ আৰু তেওঁৰ পত্নীয়ে চিকিৎসা লাভ কৰিছিল। “বিষয়াজনে আমাক কোনোমতে কাকদ্বীপলৈ আহিবলৈ কৈছিল। তেওঁ তাত এম্বুলেঞ্চ এখনৰ ব্যৱস্থা কৰি থৈছিল। আমাৰ প্ৰায় ২২ হাজাৰ টকা (চিকিৎসাৰ নামত) খৰছ হৈছিল।” তেতিয়াৰে পৰা ৰৌফ আৰু তেওঁৰ পৰিয়ালটো দ্বীপটোতে অস্থায়ী ঘৰ সাজি বাস কৰিছে।
ঘৰ ভাঙি যোৱা বহুতকে অস্থায়ী আশ্ৰয় শিবিৰলৈ নিয়া হৈছিল। মন্দিৰতালা গাঁৱৰ বাসিন্দাসকলৰ বাবে দ্বীপটোৰ আটাইতকৈ ওখ ঠাই মন্দিৰতালা বজাৰৰ টেংক গ্ৰাউণ্ডত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছিল। কিছুমানে তাৰে কাষৰে ঠেক ৰাস্তা এটাত শিবিৰ পাতিছে। দ্বীপটোৰ হাতখোলা, সোণপুৰি আৰু খাচিমাৰা এলেকাৰ ৩০টা পৰিয়ালক ঘোঁৰামাৰাৰ দক্ষিণৰ ফালে থকা সাগৰ দ্বীপত অস্থায়ীভাৱে আশ্ৰয় শিবিৰ সাজি দিয়া হৈছে। তেওঁলোকক পুনৰ্সংস্থাপনৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে।

ৰেজাউল খানৰ ঘৰটো য়াছ ঘূৰ্ণীবতাহে ভাঙি পেলাইছিল, তেতিয়াৰে পৰা তেওঁক পৰিয়ালসহিতে সাগৰ দ্বীপত পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হৈছে
ৰেজাউল খানৰ পৰিয়ালটোও তেনে পৰিয়ালবোৰৰ মাজৰে এটা। খাচিমাৰাত তেওঁৰ ঘৰটোৰ কোনো চিন-চাব নাই। “মই এই দ্বীপটো এৰিব লাগিব, কিন্তু কিয় যাওঁ?” ঘূৰ্ণীবতাহে ভাঙি পেলোৱা মছজিদ এটাৰ চাদৰ ওপৰৰ আন্ধাৰ কোঠা এটাত বহি থকা ৰেজাউলে কয়। “মোৰ শৈশৱৰ বন্ধু গণেশ পাৰুৱাক কেনেকৈ এৰি যাওঁ? তেওঁৰ বাৰীৰ তিতা কেৰেলাৰে মোৰ পৰিয়ালে ৰাতিৰ সাজ ভাত ৰান্ধিছিল।”
ইটোৰ পিছত সিটো ঘূৰ্ণীবতাহে কৰা ক্ষতিৰ পৰা তেওঁলোকে কোনোমতে কঁকাল পোনাইছিল উঠিছিল যদিও জুন মাহত য়াছে অনা সাগৰীয় ঢৌৱে ঘোঁৰামাৰাখন বাৰে বাৰে জলমগ্ন কৰিবলৈ ধৰিছিল আৰু বাৰিষাৰ বৰষুণে পৰিস্থিতি শোচনীয় কৰি পেলাইছিল। এই দুৰ্যোগবোৰৰ পৰা হোৱা আলাই-আথানি দেখি ৰাজ্য চৰকাৰে মানুহৰ জীৱনৰ হানি নহওঁক বুলি তাৰে বাসিন্দাসকলক আন ঠাইলৈ স্থানান্তৰ কৰে।
“সেই দিনকেইটাত (ঘূৰ্ণীবতাহৰ পাছত) মোৰ দোকানত নিমখ আৰু তেলৰ বাহিৰে আন একো নাছিল,” মন্দিৰতালাৰ গেলামালৰ দোকানী অমিত হালদাৰে কয়। “সাগৰৰ প্ৰকাণ্ড ঢৌবোৰত আমি সকলো হেৰুৱালো। এনে প্ৰকাণ্ড ঢৌ আমাৰ বয়সস্থ লোকসকলেও কেতিয়াও দেখা নাছিল। ঢৌবোৰ ইমানেই ওপৰলৈ উঠিছিল যে আমি গছত উঠি প্ৰাণৰক্ষা কৰিছিলো। কিছুমান মহিলাক গছৰ ওখ ডালত বান্ধি দিয়া হৈছিল (দ্বীপটোৰে) যাতে পানীয়ে উটুৱাই লৈ নাযায়। পানী বাঢ়ি তেওঁলোকৰ গলৰ সমান হৈছিল,” হালদাৰে কয়। “আমি আমাৰ গৰু-মহবোৰ বচাব নোৱাৰিলো।”
সুন্দৰবনৰ জলবায়ু পৰিৱৰ্তনৰ সংকটক লৈ ২০১৪ৰ এটা অধ্যয়নত কোৱা হৈছিল যে সাগৰপৃষ্ঠৰ বৰ্দ্ধিত উচ্চতা আৰু জটিল হৈ পৰা জলপ্ৰৱাহে ঘোঁৰামাৰাৰ উপকূলীয় অঞ্চলত ভংয়কৰ হাৰত গৰাখহনীয়াৰ সৃষ্টি কৰে। ১৯৭৫ৰ ৮.৫১ বৰ্গকিলোমিটাৰ ভূমিৰ পৰা ২০১২ চনলৈ ৪.৪৩ বৰ্গকিলোমিটাৰলৈ সংকুচিত হৈ পৰে। সঘনে ঘৰ-মাটি হেৰুওৱাৰ লগতে পৰিস্থিতিতন্ত্ৰত দেখা দিয়া বিসংগতিৰ কাৰণে দ্বীপটোত প্ৰব্ৰজনৰ হাৰ বৃদ্ধি হোৱাৰ কথাও অধ্যয়নটোত উল্লেখ কৰা হৈছে।
ইমান আলাই-আথানি হোৱা স্বত্ত্বেও ঘোঁৰামাৰাৰ লোকসকল উৎসাহ হেৰুওৱা নাই। ছেপ্টেম্বৰৰ সেই দিনটোত হাতখোলাৰ আশ্ৰয় শিবিৰত থকা সকলোৱে ছমহীয়া আৱিকৰ অন্নপ্ৰাশন অনুষ্ঠান পাতিবৰ কাৰণে আগবাঢ়ি আহিছে। এই অনুষ্ঠানত শিশুটিৰ মুখত প্ৰথমবাৰৰ বাবে ভাত দিয়া হয়। সংকুচিত হৈ অহা দ্বীপটোৰ এই পৰিৱেশ সংক্ৰান্ত কাৰণত শৰণাৰ্থী হৈ পৰা এইসকল লোকে নিজৰ জীৱনবোৰৰ অননুমেয় প্ৰকৃতিৰ সৈতে খাপ খুৱাই চলাবলৈ বাধ্য হৈছে, সেয়ে তেওঁলোকে আকৌ ঘৰ সাজিছে নাইবা নতুন আশ্ৰয়স্থলৰ সন্ধানত নামি পৰিছে।

মূল ভূ-ভাগৰ কাকদ্বীপৰ পৰা ফেৰিযাত্ৰা , তীব্ৰ জোৱাৰ-ভাটাৰ পিছত ঘোৰামাৰাবাসী ঘৰলৈ উভতিছে

এই বছৰৰ ২৬ মে ’ত য়াছ ঘূৰ্ণীবতাহৰ লগত অহা ভয়ংকৰ জোৱাৰ-ভাটাই দ্বীপটোৰ মথাউৰি ভাঙি সোমাই আহে আৰু দ্বীপটো পানীয়ে বুৰাই পেলায়

বানপানী প্ৰৱণ দ্বীপটোত প্ৰাণ ৰক্ষা পৰাৰ পিছত মুকলি আকাশৰ তলত এজন বাসিন্দাই জীৱন -জীৱিকাৰ গুণ-গঁথা কৰিছে

শ্বেইখ চনুজে চিৰদিনৰ বাবে খাচিমাৰা এৰি ঘোৰমাৰালৈ যোৱাৰ সময়ত নিজৰ ঘৰটোৰ কথা সুঁৱৰিছে , তাৰপৰা তেওঁলোকক সাগৰ দ্বীপত পুনৰ্সংস্থাপন কৰা হ’ব

খাচিমাৰা ঘাটত মানুহবোৰ খাদ্যৰ কাৰণে শাৰী পাতিছে , য়াছ ঘূৰ্ণীবতাহত গৃহহাৰা হোৱাৰ পিছৰে পৰা তেওঁলোক বান সাহায্যৰ খাদ্যৰেই বাচি আছে

ৰেচনৰ চাউল -দাইল নাৱেৰে খাচিমাৰা ঘাটলৈ অনা হৈছে

পুৰুষ -মহিলা, শিশু, গৰু-ম’হ সকলো ফেৰিৰ পৰা নামিছে, ঘৰলৈ বুলি খৰখেদা লগাইছে

মন্দিৰতালা বজাৰৰ টেংক গ্ৰাউণ্ডৰ অস্থায়ী শিবিৰ , সেইটোৱে ঘোঁৰামাৰাৰ আটাইতকৈ ওখ ঠাই । তাতেই গাওঁখনৰ প্ৰাক এক তৃতীয়াংশ মানুহে আশ্ৰয় লৈছে

নিজৰ বানবিধ্বস্ত ঘৰটোৰ কাষত অমিত হালদাৰ । মন্দিৰতালা বজাৰৰ কাষৰ তেওঁৰ গেলামালৰ দোকানখনৰ আটাইবোৰ সামগ্ৰী বানে উটুৱাই নিলে

খাচিমাৰা ঘাটৰ কাষৰ ঘৰ এটাৰ সেমেকা মজিয়াখনত মাটিৰ তৰপ এটা দি মানুহ থকাৰ উপযোগী কৰি তোলাৰ চেষ্টা

হাতখোলাৰ অস্থায়ী শিবিৰত ঠাকুৰদাসী গৰুইয়ে জাল গুঠিছে । তেওঁৰ পৰিয়ালটোক চৰকাৰে পুনৰ্সংস্থাপিত কৰিব

হাতখোলাৰ শিবিৰত কাকলি মণ্ডল (কমলাৰঙী শাৰী পৰিহীতা) । সাগৰ দ্বীপলৈ স্থানান্তৰিত কৰিবলগীয়া ৩০টা পৰিয়ালৰ মাজৰ এটা পৰিয়াল তেওঁৰ

সাগৰ দ্বীপত আবণ্টন দিয়া মাটিৰ পট্টা হাতত লৈ খাচিমাৰাৰ আব্দুল ৰৌফ

হাতখোলা ৯ ছেপ্টেম্বৰৰ দিনা আশ্ৰয়শিবিৰত কণমানি আৱিকৰ অন্নপ্ৰাসনৰ আগেয়ে মাকৰ সৈতে । শিবিৰৰ লোকে ৰন্ধা -বঢ়াত সহায় কৰি দিছিল

মন্দিৰতালা বজাৰৰ টেংগ গ্ৰাউণ্ডৰ আশ্ৰয় শিবিৰত দুপৰীয়াৰ আহাৰৰ কাৰণে দীঘলীয়া শাৰী

খাচিমাৰা ঘাটৰ সাহায্য বিতৰণ কৰা নাও এখনৰ পৰা খাদ্যৰ পেকেটৰ আশাত বৰষুণৰ মাজতো ৰৈ থকা মানুহবোৰ

স্বেচ্ছাসেৱী সন্থা এটাই বিতৰণ কৰা শাড়ী সংগ্ৰহ কৰা মহিলাসকল

কলকাতাৰ পৰা এটা চিকিৎসাসেৱীৰ দল এটা সপ্তাহত এবাৰকৈ ঘোঁৰামাৰাৰ মন্দিৰতালাৰ ওচৰত থকা একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনলৈ আহে । অন্য সময়ত চিকিৎসাৰ কাৰণে মানুহে আশা বাইদেউৰ ওপৰতে নিৰ্ভৰ কৰি চলে

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত ৯ ছেপ্টেম্বৰৰ দিনা ক ’ভিড টিকাকৰণ চলিছে । ঘোঁৰামাৰাত এয়া ১৭তম টিকাকৰণ শিবিৰ

ঘোঁৰামাৰাৰ মাড পইণ্ট ডাকঘৰৰ পোষ্টমাষ্টাৰজন , এই নামটো বৃটিছৰ দিনৰে । তেওঁ প্ৰতিদিনে বৰুইপুৰৰ পৰা ৭৫ কিলোমিটাৰ বাট অতিক্ৰম কৰি এইখন কৰ্মস্থলীলৈ আহে । আৰ্দ্ৰতা বেছি কাৰণে অফিছটোৰ কাগজ -পাতিবোৰ সেমেকি যায়, সেয়ে শুকাবলৈ মুকলিকৈ থৈ দিয়া হৈছে

অহল্যা শিশু শিক্ষা কেন্দ্ৰৰ এটা শ্ৰেণীকোঠাত এতিয়া থাকিবলৈ বিচনা লগোৱা হৈছে আৰু পাচলি মজুত কৰি থোৱা আছে । ক ’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ বঢ়াৰে পৰা মন্দিৰতালাৰ স্কুলখন বন্ধ হৈ আছে

খাচিমাৰাৰ ৰেচনৰ দোকান এখনৰ বাহিৰত চাউল আৰু গমধানৰ বস্তাবোৰ শুকাবলৈ মেলি দিয়া হৈছে , বানপানীৰ সময়ৰ লুণীয়া পানীয়ে সেইবোৰ নষ্ট কৰিছিল । পচিবলৈ ধৰা শস্যৰ গন্ধ সকলোতে বিয়পি পৰিছে

খাচিমাৰা ঘাটৰ কাষত ঘূৰ্ণীবতাহত উভালি পৰা গছৰ টুকুৰা এটা কিবা কামত আহিব বুলি গঞাই দাঙি নিছে

সোণপুৰি এলেকাৰ তিনিজন লোকে মাছ মাৰিছে । ঘোঁৰামাৰাত জীয়াই থকাৰ যুঁজখন অব্যাহত আছে
অনুবাদ: পংকজ দাস